Wednesday, 6 November 2024

লিপি, ভাষা আৰু বুৰঞ্জীৰ দৃষ্টিৰে

LIPI, BHAXA ARU BURANJIR DISTIRE PRATNALIPI ADHYAYAN - By Bhaskar Bordoloi

 লিপি, ভাষা আৰু বুৰঞ্জীৰ দৃষ্টিৰে অসমৰ প্রত্নলিপি অধ্যয়ন

ভাস্কৰ বৰদলৈ, 

সদস্য এপিগ্রাফিলেক চ'চাইতি অব ইণ্ডিয়া, কলিকতা- ৭০০০০১।

পাতনি-

জিলা সংগ্ৰহালয়, যোৰহাট আৰু বুৰঞ্জী আৰু আই.কিউ.এ.চি. বিভাগ ডিচিবি কলেজ যোৰহাটৰ যুটীয়া উদ্যোগত অনুষ্ঠিত প্রয়াত গৌতম বৰদলৈ ৪র্থ স্মাৰক বক্তৃতা'২০২৪। যোৰহাট সংগ্ৰহালয়ৰ স্বপ্নদ্রষ্টা মহান ব্যক্তিগৰাকীৰ নামত অনুষ্ঠিত "লিপি, ভাষা আৰু বুৰঞ্জীৰ দৃষ্টিৰে অসমৰ প্রত্নলিপি অধ্যয়ন" 

মোৰ লিপি-ভাষা-বুৰঞ্জী বিষয়ক প্রথম গ্রন্থ, অসম সাহিত্য সভাই প্রকাশ কৰা, 'অসমীয়া লিপিৰ ক্ৰমবিকাশ'ক এই মহাবিদ্যালয়ৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষাগুৰুৱে তীব্র উপেক্ষাসূচক সমালোচনা কৰিছিল। মোৰ স্বৰ্গগত পাপাই কৈছিল, "আক্রমণাত্মত বা তীব্র উপেক্ষাসূচক কথাবোৰ তিক্ত, কিন্তু তাত উৎকৰ্ষৰ দৰকাৰী জেদভাৱৰ বীজ থাকে"। কথাষাৰ বৰ সুন্দৰ; কিন্তু যেতিয়া সম্মুখীন হোৱা যায়, তেতিয়াহে বুজা যায় উপেক্ষা কিমান কষ্টকৰ। চেষ্টা কৰিছিলোঁ শিক্ষাগুৰুজনৰ উপেক্ষাৰে চিৰি সাজিবলৈ। সমালোচনা কৰি সমালোচক সমালোচিত হৈছিল কাৰণ সমালোচক ৰূপে তেখেতে কিতাপখন পঢ়াই নাছিল। যিকি নহওক, গ্রন্থখন বর্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লিপি অধ্যয়নৰ প্ৰসঙ্গপুথি হ'ল। ভুল নুবুজিব; কথাখিনিৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুজনক অপমানিত কৰা নাই; জেদৰ বীজ সিঁচাৰ বাবে তেখেত চিৰকাল স্মৰণীয়। জেদৰ বাবে গ্রন্থখনৰ পিছত লিপি বিষয়ক অধ্যয়ন সামৰা নহ'ল। নহ'ল বাবে 'অসমৰ প্ৰত্নলিপি আৱিষ্কৃত সভ্যতা আৰু তথ্য' গ্রন্থখন লিখা হ'ল; বর্তমান সমান্তৰালকৈ 'ভাৰতৰ লিপি' আৰু বন্ধুবৰ ৰক্তিম ৰঞ্জন শইকীয়াই কোৱাৰ দৰে 'সম্পূর্ণ শাসনাৱলী'ৰ কাম চলি আছে। অসমীয়াক কোঁকোৰা জাতি বোলে; মই কিন্তু নুবোলোঁ। আৰু যদি কেঁকোৰা হয়, অসমীয়া এটা ভাল জাতি। পিছলৈ টানিব বুলি প্রস্তুত হৈ অধ্যয়ন আগবঢ়াই নিলে কেতিয়াও থমকি ৰবলগীয়া নহয়। কঠিন যদিও এই অনুশীলন বৌদ্ধিক স্বাস্থ্যৰ বাবে উত্তম।

বিষয়াৱলোকন-

দুটা প্রশ্নেৰে আলোচ্য বিষয়ৰ মাজলৈ যাব খুজিছোঁ। প্রথম প্রশ্ন- লিপি-ভাষা-বুৰঞ্জী অধ্যয়নৰ ভিত্তি কি? অসমৰ প্রত্নলিপিৰ তথ্য লিপি-ভাষা-বুৰঞ্জী অধ্যয়নত সন্নিৱিষ্ট হৈছেনে? বোধকৰোঁ এই প্রশ্ন দুটা কোনেও অদ্যপি প্রাসঙ্গিক বুলি অনুভৱ কৰা নাই; কোনো সদাশয় ব্যক্তিয়ে অনুভৱ কৰিছে যদিও তাৰ পৰ্যাপ্ত গভীৰতালৈ যোৱা নাই। প্রশ্ন কৰিব পাৰি, কোনেও অনুভৱ কৰা নাই বা গভীৰতালৈ যোৱা নাই বুলি কেনেকৈ ইমান নিশ্চিতকৈ ক'ব পাৰি? সঠিক প্রশ্ন। উপলব্ধ অধ্যয়নেই ইয়াৰ উত্তৰ দিয়ে। এই কথাকেই ইয়াত তথ্যসহকাৰে আলোচনা কৰিম। কাৰণ আয়োজক প্রমূখ্যে ইয়াত উপস্থিত প্রত্যেকেই নিজৰ ত্ৰিধন ব্যয় কৰিছে। তাৰ সমানুপাতিক অধ্যয়ন দিয়া অসম্ভৱ; কিন্তু মই বিশ্বাস কৰোঁ, ইয়াত কিছুহলেও তথ্যসম্মত চিন্তাৰ খোৰাক। বক্তৃতাৰ মূল আহ্বান- মই যি কথা কম, ইয়াক সহজে মানি নল'ব। প্রমাণ কি? এই প্রশ্নৰ উত্তৰ বিচাৰি চাওঁক। কাৰণ কোনোবাই কলেই মানি ল'বলৈ আপুনি বৌদ্ধিকভাৱে অক্ষম নহয়। অকল আজি নহয়, এই বিষয়তেই নহয়; প্রতি মূহুর্ততেই, প্রতিটো বিষয় প্রমাণ আৰু তৰ্কৰে বিচাৰ কৰক।

প্রথম প্রশ্নটো আছিল লিপি-ভাষা-বুৰঞ্জী অধ্যয়নৰ ভিত্তি কি? ইয়াৰ উত্তৰ হৈছে- প্রত্নতাত্ত্বিক সমল, প্রত্নলিপি, বিদেশী পৰ্যটকৰ টোকা, সমকালীন লিখিত তথ্য, শাসকীয় লিখিত তথ্য এইবোৰ হৈছে লিপি-ভাষা-বুৰঞ্জী অধ্যয়নৰ ভিত্তি। এইবোৰৰ ভিত্তিত অধ্যয়নকাৰীয়ে লিপি-ভাষা-বুৰঞ্জীৰ ছবিখন তৰ্কৰে প্ৰস্তুত কৰে। তথ্যক তর্কৰে চালে সেই সময়ৰ মানুহৰ বৌদ্ধিক অৱস্থা, ভাষা, সমাজ ব্যৱস্থা, লিপি, জীবন যাপন আদি দিশবোৰ সংশ্লেষণ কৰিব পাৰি। ভাৰত বুৰঞ্জীৰ মূল আধাৰেই হৈছে আলবেৰুণীৰ ভ্রমন টোকা। হিউয়েনচাঙৰ টোকাইও বহু দিশত প্রাধান্য পাইছে। এই টোকাবোৰতকৈ প্রাচীন তথ্য পাবলৈ প্রত্নলিপি আৰু প্রত্নতাত্ত্বিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

(See Full text in Article)

Friday, 24 May 2024

 

হে অনন্ত গতি, হে অনন্ত প্ৰীতি

জ্যোতি খাটনিয়াৰ

 

জোনাকৰ কোমল পোহৰেৰে চুই থকা পৃথিৱীৰ অৰণ্যৰ গভীৰ নিৰ্জনতাত এজন মানুহে উপলব্ধি কৰিছিল চাৰিটা মহৎ সত্যক। কেউটা কথাই অতি সাধাৰণ --- এক, জীৱনত দুখ আছে। দুই, দুখৰ কাৰণ আছে। তিনি, দুখ ৰোধ কৰিব পাৰি। চাৰি, দুখ ৰোধ কৰাৰ  উপায় আছে।

এই চাৰিটা মহান সত্য উপলব্ধি কৰা মানুহজনৰ শৰীৰটো দীৰ্ঘদিনৰ কঠোৰ সাধনাৰ অন্তত ইতিমধ্যে প্ৰায় কংকালত পৰিণত হৈছে। এই কংকালসাৰ শৰীৰত অৱস্থান কৰা মনটো ইমানেই শক্তিশালী যে তাক লৈ শংকিত হৈ পৰিছে সকলো লোভ, পাপ, বাসনা, কামনাৰ অধিকাৰী দেৱতা মাৰ। সিদ্ধাৰ্থ গৌতমক, যি অলপ সময়তে সকলো জ্ঞানৰ অধিকাৰী হৈ পৰিব আৰু জগতলৈ অপাৰ বাণী কঢ়িয়াই আনিব, সেইজনাক প্ৰলোভিত কৰিবলৈ মাৰে প্ৰয়োগ কৰিছে তেওঁৰ অসংখ্য মায়াৱী সেনা। আনকি তেওঁৰ লগত আনিছে অপৰিসীম সৌন্দৰ্য্যৰ অধিকাৰিণী অনেক নাৰী। পৰৱৰ্তী কালৰ লেখক সকলৰ মতে সেই সকলোবোৰ তেওঁৰেই কন্যা। এই মাৰ অতীৱ শক্তিশালী।মৃত্যু, পুনৰ জন্ম আৰু আকাংক্ষা মাৰৰ অধীন। জানিবলৈ মন যায় , মানৱ জাতিৰ মহান সন্তান গৌতম বুদ্ধক বাধা দিয়া মাৰ দেখিবলৈ কেনেকুৱা আছিল? বৌদ্ধ চিন্তাত চাৰিগৰাকী মাৰৰ কথা কোৱা হৈছে। ইয়াৰে প্ৰথম গৰাকী ক্লেশ মাৰ। এই মাৰে লোভ আৰু ঘৃণাক বহন কৰে। দ্বিতীয়জনা মাৰ মৃত্যু মাৰ। এই মাৰে মৃত্যুৰ অমোঘ শক্তিক কঢ়িয়াই আনে। তৃতীয়জনা মাৰ স্কন্ধ মাৰ। এই মাৰ আমাৰ অস্তিত্বৰ গোটেই দিশবোৰৰ সৈতে জড়িত। চতুৰ্থজনা মাৰ অতি শক্তিশালী আৰু ভয়ংকৰ। এওঁ আমাৰ ইন্দ্ৰিয়ৰ পৰা উৎপন্ন হোৱা সকলো আসক্তিৰ অধিকাৰী। এওঁৰ লগত ভয়ংকৰ মোহিনী শক্তি আছে। নিশাৰ জ্যোৎষ্ণা প্লাবিত পৃথিৱীৰ পৰা যেতিয়া সিদ্ধাৰ্থ গৌতম কৰ্মৰ পৰা মুক্ত হ'ব খুজিছিল, তেতিয়া এইজনা মাৰৰ বাধাই আছিল সৰ্বাধিক।


Read full article in page bar

Monday, 15 October 2018

Must read in Recent News cut


Illustration (Pekhu Pekhu)
By Samudra Kajal Saikia
Published in Dainik Asam (Deoboria)
on 14/10/2018

Atmasat (Pekhu Pekhu)
By Samudra Kajal Saikia
Published in Dainik Asam (Deoboria)
on 30/09/2018

Ekhon Art Collegeor Swapna Aru Birambona
By- Tridib Dutta
Published in Sadin
on 14/09/2018

Tuesday, 5 September 2017



জ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )




ডিঙি ফুলাই কুকৰাটোৱে ভৰ দুপৰীয়া ডাক দিছিল,
অদ্ভূত এক অট্টহাস্যত নীৰৱতা ভাঙিছিল
ক্ষত বিক্ষত শৰীৰ,
বিদীৰ্ণ হিয়া।
তথাপি সুগভীৰ আত্মবিশ্বাসত
থিয় হৈ আছে তাৰ প্ৰতিবাদী সত্তা।
জগাই দিয়া জগাই দিয়া।
ডাক দিয়া ডাক দিয়া।
এটা কাঠত কটা ভাস্কৰ্যৰ কথা আছিল সেয়া, শিল্পীৰ অন্তৰত জ্বলি থকা একুৰা জুইৰ পৰা উফৰি অহা এটা যেন ফিৰিঙতি। ‘আনটাইল্ড’ শীৰ্ষক এই ভাস্কৰ্যটোৰ সংৰচনা নিটোল নিষ্পাদন। ৰূপাৰোপিত গঠনত খোলনীৰ ব্যৱহাৰ, ৰৈক্ষিক চয়নে অধিক ব্যঞ্জনাময় কৰি তুলিছে আৰু ভাৱগত দিশটোক অধিক প্ৰকট কৰিছে। কাঠৰ কঠিনতাক ৰূপগত কঠিনতালৈ লৈ যোৱাত শিল্পীৰ নিৰ্বিবোধ অন্যতম লক্ষণীয় দিশ।
সুপ্ত- অতৃপ্ত-কঠিন ভাস্কৰ্য আৰু তাৰ ভাষাত আছে এক প্ৰতিবাদী সত্তা। শিল্পীয়ে কঢ়িয়াই লৈ ফুৰা অনন্ত, বিস্তীৰ্ণ বিদ্ৰোহৰ স্ফূলিংগ। বিমূৰ্ত এটি কুকুৰাৰ উদ্দাত্ত আহ্বানৰ যোগেৰে শিল্পীয়ে প্ৰতীকী ৰূপত এক বিদ্ৰোহৰ যেন আহ্বান কৰিছে। অৱশ্যে শিল্পীৰ পৰিপাটি জীৱন শৈলীত অথবা ভাৱলেশহীন গম্ভীৰতাত এয়া সহজে ধৰা নপৰে। তেখেতৰ সংস্পৰ্শত আমি সেই উত্তাপ অনুভৱ কৰিছিলো, শিল্পীৰ আড্ডাত যিজনৰ খুহুটিয়া অথচ গভীৰ তাৎপৰ্যপূৰ্ণ বক্তব্যই আমাক আকৃষ্ট কৰিছিল, সেইজনেই শিল্পী জ্ঞানেন্দ্ৰ বৰকাকতী। বিশ্ব ভাৰতীৰ কলাভৱন শান্তিনিকেতনৰ পৰা কলাৰ ডিপ্ল’মা গ্ৰহণ কৰাৰ পিছত তেখেতে ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত মিউজিঅল’জি বিষয়ত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অসমলৈ ঘূৰি আহি ৰাজ্যিক কলা বীথিকাত যোগদান কৰে। ৰাজ্যিক কলা বীথিকাটো যিমানদূৰ সম্ভৱ আগবঢ়াই লৈ যোৱাত তেখেতে যথাসাধ্য চেষ্টা কৰিছিল। এক পৰিচ্ছন্ন ব্যক্তিত্বৰ জ্ঞানদাক আমি যেতিয়াৰ পৰা লগ পাইছো তেতিয়াৰ পৰাই তেখেতৰ শিল্পীসুলভ আদৰত আমি ধন্য হৈছো।
তেখেতৰ সীমিত সংখ্যক শিল্পকৰ্মহে আমি প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো আৰু ব্যক্তিগতভাৱে আমাক তেখেতৰ ভাস্কৰ্যইহে আকৃষ্ট কৰি আহিছে। আমি কলাৰ সমালোচক নহয় যদিও আলোচক বা ৰসগ্ৰাহী হিচাপে ক’ব পাৰোঁ অতি সম্প্ৰতি তেখেতে মনোনিৱেশ কৰা ভাস্কৰ্য কৰ্মই নিসন্দেহে আমাৰ দৰে বহুতক আকৃষ্ট কৰিব আৰু তেখেতৰ শিল্পকৰ্মৰ ওপৰত এক নান্দনিক তথা তাত্ত্বিক আলোচনা হোৱাৰ নিশ্চয়কৈ থল আছে বুলি আমি অনুভৱ কৰোঁ।
এসময়ত ৰাজ্যিক কলা-বীথিকাত ঘণ্টাৰ পাছত ঘণ্টা আমি আড্ডা মাৰিছিলো, সেই আড্ডাত কলাৰ উপৰি বিভিন্ন বিষয়ত আলোচনা হৈছিল। আমি সেই আড্ডাৰ সম্ভৱতঃ আটাইতকৈ কণিষ্ঠ সহযোগী আছিলো যদিও সকলো কথাতে ভাগ লোৱাৰ সুবিধা পাইছিলো আৰু উপকৃত হৈছিলো। আমি লক্ষ্য কৰিছিলো তেখেতৰ এক স্পষ্ট ৰাজনৈতিক আদৰ্শ আছিল আৰু সেই ধাৰাতে তেখেতৰ বক্তব্য আগবঢ়াইছিল। তেখেত আছিল কলা বীথিকাৰ প্ৰদৰ্শনী বিষয়া আৰু স্বৰ্গীয় প্ৰণৱেন্দু বিকাশ ধৰ আছিল সহযোগী বিষয়া। তেতিয়া কলা বীথিকাতোা সাহিত্যসভাৰ ভগৱতী প্ৰসাদ ভৱনত ভাড়াত আছিল। আমি সেই সময়ত এটা স্থায়ী কলা-বীথিকাৰ বাবে আন্দোলন কৰিছিলো আৰু বহু সময়ত তেখেতসকলৰ লগত তৰ্ক বিতৰ্ক কৰিছিলো যদিও তেখেতসকলে আমাক যথেষ্ট উৎসাহ দিছিল আৰু সহায়ো কৰিছিল। তেখেতসকলৰ স্নেহ আৰু আদৰ আমাৰ জীৱনৰ অন্যতম প্ৰাপ্তি। তেখেতলৈ আন্তৰিক শ্ৰদ্ধা যাঁচি অনাগত দিনত তেখেতৰ পৰা অধিল মনোগ্ৰাহী তথা ৰসোত্তীৰ্ণ শিল্পকৰ্ম চাবলৈ পাম বুলি আশা কৰিলোঁ।
Published at Boudhik Bisar E megazine